salesmanship and advertisement class 12 commerce Assam board

 1. এটা ব্যৱসায় প্রতিষ্ঠানৰ বিক্রী সংগঠনৰ গুৰুত্ব বর্ণনা  কৰা l


উঃ- বতমানৰ উন্নত জীৱনত বধিত উৎপাদন আৰু প্রতিঘোগিতামুখী বিতৰণ প্রক্রিয়াত বিক্রী সংগঠনৰ গুৰুত্ব অপৰিসীম | ই সমাজৰ প্রতিজন গ্রাহকলৈ পণ্য- সামগ্রী যোগান ধৰাৰ বাবে পৰিকল্পনা কৰাৰ লগতে কায বৱস্থা হাতত লয় | বিষেষকৈ উৎপাদিত দ্ৰব্যৰ পৰিকল্পনা,মজুতকৰণ,পৰিবহণ, হিচাপ-ৰক্ষণ আদিৰ লগত বিক্রী সংগঠনৰ সম্পর্ক জডিত হৈ থাকে। দ্ৰব্যৰ চাহিদা আৰু বজাৰ ওপৰত ভিওি কৰি প্রচাৰ,বন্টন আদিৰ ক্ষেএত নিধাৰিত আচঁনিসমূহ আৰু কাযসুচী প্রস্তুত কৰি বিক্রী সংগঠনৰ জৰিয়তে ৰুপায়ণ কৰা হয়।
  বিক্রী বিকাশৰ ক্ষেএত নিবাচন,নিয়োগ,প্রশিক্ষণ,বজাৰ গৱেষণা আদিৰ লগতে প্রচাৰ-বিজ্ঞাপন বিক্রী সন্মিলনৰ আয়োজন কৰা আদিৰ বৱস্থা কৰাত বিক্রী সংগঠনৰ গুৰুত্ব উপলব্ধি কৰিব পাৰি।


2. বিক্রী বিভাগৰ সংগঠন বৰ্ণনা কৰা।


উঃ- বিক্রী বিভাগে সমাজৰ প্রতিজন গ্রাহকলৈ পণ্য- সামগ্রী যোগান ধৰাৰ বাবে পৰিকল্পনা কৰাৰ লগতে কায বৱস্থা হাতত লয় | বিষেষকৈ উৎপাদিত দ্ৰব্যৰ পৰিকল্পনা,মজুতকৰণ,পৰিবহণ, হিচাপ-ৰক্ষণ আদিৰ লগত বিক্রী সংগঠনৰ সম্পর্ক জডিত হৈ থাকে।  সংগঠন হিচাপে বিক্রী বিভাগৰ কাম-কাজসমুহক তিনি প্রকাৰে ভাগ কৰা হৈছে। সেয়বোৰ হৈছে-১)প্রশাসনীয় কায্য,২)বৱস্থামুলক কায্য,৩)গৱেষণা মুলক কায্য


১)প্রশাসনীয় কায্য- প্রশাসনীয় কায্যৰ মুল উদ্দেশ্য এইয়ে য়ে বিক্রী বিভাগৰ জৰিয়তে পৰিচালিত সকলো কাম-কাজৰ সঠিকভাৱে পৰিচালিত হ'ব ৰ বাৱে পৰিকল্পনা আৰু নীতি প্ৰস্তুত কৰা।যেনে-
     ক)বিক্রী আচঁনি প্ৰস্তুত কৰা,
     খ)ব্যয় নিয়ন্ত্র কৰা,
     গ)সমন্বয় সাধন কৰা আদি।


২)ব্যৱস্থামুলক কায্য- প্রশাসনীয় কায্যসমুহ উপযুক্তভাৱে কায্যত পৰিণত কৰিবলৈ হ'লে সংগঠনৰ কায্যকৰী বা ব্যৱস্থামুলক দিশত উপযুক্ত ব্যৱস্থা লোৱা প্রয়োজন। যেনে-
     ক)কায্য দক্ষতা উন্নত কৰিবলৈ প্রশিক্ষণৰ ব্যৱস্থা 


৩)গৱেষণা মুলক কায্য- বিক্রী সংগঠনৰ  বিবিধ কায-কলাপ সদায় পৰিৱতনশীল অৱস্থা আৰু নতুনত্ব লগত সামজ্ঞস্যা ৰক্ষা কৰিব লগা হয়। যেনে-
     ক)বজাৰ গৱেষণা,
     খ)বিক্রী পৰিকল্পনা আদি।


3.বিক্রী পৰিচালক বা বিক্রী ব্যৱস্থাপকৰ কতর্ব্য আৰু দায়িত্ব বিশদভাৱে ব্যাখ্যা কৰা ।


উঃ- বিক্রী পৰিচালক বা বিক্রী ব্যৱস্থাপক হিচাপে ব্যক্তি এজনৰ মূল কতর্ব্য আৰু দায়িত্ব হল-বিক্রী বিভাগৰ বিভিন্ন উপ-বিভাগসমূহৰ কার্য-কলাপ নিয়ন্ত্রণ কার্য ভাল দৰে কৰা। লগতে বজাৰকৰণ ব্যৱস্থাপনাৰ মূল উপাদান চাৰিটা অথাৎ দ্রব্য,দাম, পদোন্নতি আৰু বিতৰণৰ স্থান(Product,Price,Promotion and Place of Distribution) আদিৰ সমন্বয় সাধন,সহযোগিতা আৰু বিকাশ সাধনৰ ক্ষেএত বিক্রী পৰিচালক বা বিক্রী ব্যৱস্থাপকৰ কতর্ব্য আৰু দায়িত্ব লেখত লব লগীয়া।
বিক্রী পৰিচালক এজনে তলত উল্লেখ কৰা কার্য-কলাপসমূহ কৰিবলগীয়া হয়। সেয়বোৰ হল-
১)সচিব সম্পর্কীয় কার্য (Secretarial Functions)- বিক্রী পৰিচালক জনে বিক্রী বিভাগৰ মুৰব্বী হোৱাৰ বাবে এই বিভাগৰ কাযালয় বা নথি-পএৰ যোগান ধৰাৰ লগতে আন সকলো নথি-পএৰ সম্পর্কীয় কার্য (Secretarial Functions) বিক্রী পৰিচালক জনে কৰিব লগীয়াত পৰে।


২)পৰিকল্পনামূলক কার্য (Planning Functions)- বিক্রী কার্য সুচাৰুপে হোৱাৰ বাবে আগতীয়াকৈ বিক্রী পৰিচালকজনে পৰিকল্পনা কৰিবলগীয়া হয়।


৩)বজাৰ গৱেষণা (Market Research)-বিক্রী সাফল্যৰ অন্যতম উপাদান হ'ল, বজাৰ গৱেষণা । বজাৰ গৱেষণাৰ যোগেদি বিক্রী পৰিচালকজনে বজাৰত গ্ৰাহকৰ ৰুচি,চাহিদাৰ সৃষ্টি আৰু বৃদ্ধিৰ বাবে উপযুক্ত কৌয়ল প্ৰয়োগ কৰে।


4.বিক্রী সংগঠনত কাম কৰা বিক্রেতাসকলক কেনেকৈ নিয়ন্ত্রণ কৰিব লাগে?


উঃ- বিক্রী সংগঠনত কাম কৰা বিক্রেতাসকলক বিক্রী সংগঠনৰ প্ৰধানতম্ অংগ হিচাপে গণ্য কৰা হয়। যিহেতু এওলোকৰ ওপৰত সংগঠনৰ সফলতা আশা কৰে। গতিকে বিক্রী সংগঠনে তেওঁলোকৰ বিক্রেতাসকলক উপযুক্ত প্ৰশিক্ষণ দিয়াৰ লগতে তেওঁলোকৰ ওপৰত নিয়ন্ত্রণ ৰখাটো অত্যন্ত জৰুৰি।
এই ক্ষেএত পৰিচালকজনে প্ৰতিজন  বিক্রেতাৰ স্বাভাৱিক কর্ম ক্ষমতা আৰু মনোবৃওি নিৰীক্ষণ কৰি নিয়ন্ত্রণৰ কিছুমান কৌশল অৱলম্বন কৰিব লাগে। নিয়ন্ত্রণৰ কিছুমান কৌশল তলত ব্যাখ্যা কৰা হল-
১)বিক্রীৰ কার্যক্ষেএ নির্ধাৰণ (Determination of Sales Territories)- এই কৌশল অনুযায়ী বিক্রেতাসকলক নিদিষ্ট কর্মক্ষেএ প্ৰদান কৰি দিয়া হয়। নিজ কর্মক্ষেএত অৱস্থিত গ্ৰাহকসকলক দ্ৰব্য বিক্রীৰ স্বতন্ত্র কৌশল প্ৰতিজন বিক্রেতাই প্ৰয়োগ কৰিব পাৰে।


২)ব্যক্তগত নিয়ন্ত্রণ(Personal control)- এই কৌশলৰ জৰিয়তে বিক্রেতাসকলৰ কাম-কাজ নিৰীক্ষণ কৰিবৰ কাৰণে একোজন তদাৰককাৰী বিষয়া নিয়োগ কৰা হয়। তেওঁ বিক্রেতাসকলৰ দোষ- ত্রুটি বিচাৰ কৰি যাৱতীয় দিহা-পৰামশ আগবঢায়।


5.উৎপাদনকাৰীয়ে অৱলম্বন কৰা প্ৰত্যক্ষ আৰু পৰোক্ষ বিতৰণ পদ্ধতিৰ এটি আভাস দিয়া।


উঃ- উৎপাদনকাৰীয়ে অৱলম্বন কৰা প্ৰত্যক্ষ আৰু পৰোক্ষ বিতৰণ পদ্ধতিসমূহ তলত ব্যাখ্যা কৰা হল-
১) প্ৰত্যক্ষ বিতৰণ পদ্ধতি(Direct Channels)- 
    (ক) বহু শাখাযুক্ত দোকানযোগে(Multiple Shop System)
    (খ) ডাক ব্যৱসায়ৰ জৰিয়তে(Mail order Business            System)
    (গ) গ্ৰাহকৰ লগত বিক্রী অভিকর্তা নিয়োগৰ জৰিয়তে(Direct          Selling through Mercantile Agent)
২)পৰোক্ষ বিতৰণ পদ্ধতি(Indirect Channels)- 
    ক) উৎপাদক-পাইকাৰী বিক্রেতা-উপভোক্তা প্ৰবাহ
    খ) উৎপাদক-পাইকাৰী বিক্রেতা-খুচুৰা বিক্রেতা উপভোক্তা প্ৰবাহ
    গ) উৎপাদক-একক এজেন্ট-পাইকাৰী বিক্রেতা-খুচুৰা বিক্রেতা         উপভোক্তা প্ৰবাহ
    ঘ) উৎপাদক-খুচুৰা বিক্রেতা-উপভোক্তা প্ৰবাহ


6.বিক্রীৰ কাযক্রম(Sales Routine) বুলিলে কি বুজা?


উঃ- বিক্রীৰ কাযক্রমে(Sales Routine) বিভিন্ন গ্ৰাহকৰ চিঠি-পএ,ফৰমাচ,অভিযোগ পএ,চালান অনুসন্ধান,দৈনন্দিন লেনদেনৰ খতিয়ান প্রস্তুত কৰা আদি কার্য সামৰি লয়।


7.বিক্রী প্ৰতিবেদন (Sales Report)কি?

 
উঃ- বিক্রী প্ৰতিবেদনৰ ক্ষেএত বহিঃ জগতখনৰ বিভিন্ন ব্যক্তি বা প্ৰতিঠ্ৰনৰ লগত প্ৰত্যক্ষ সংস্পশর্লৈ অহা একমাএ ব্যক্তিজন হৈছে বিক্রেতাসকল।এওঁলোকে বিক্রী কার্য সমাধা কৰিবলৈ যাওঁতে বিভিন্ন প্ৰকাৰৰ গ্ৰাহকৰ লগত প্ৰত্যক্ষ বিনিময় আৰু দৰা-দৰি কৰিব লগাত পৰে। সেয়েহে বিক্রেতাসকল বিক্রী প্রতিষ্ঠানৰ চকু আৰু কাণ বুলি অভিহিত কৰা হয়।বিক্রেতাসকল বিক্রী প্রতিষ্ঠানক দৈনিক,সপ্তাহিক  বা মাহেকীয়া ভিওিত বিক্রীৰ বিশদ বিৱৰণৰ এক প্ৰতিবেদন বিক্রী কাযালয়লৈ প্ৰেৰণ কৰিব লাগে। এনে প্ৰতিবেদনৰ পৰা বিক্রেতাসকল কাম-কাজৰ খতিয়ান আৰু উন্নয়ন সম্পর্কে আভাস পোৱা যায়।


8.বিক্রী প্ৰতিবেদনৰ (Sales Report) উপকাৰিতাসমূহ লিখা।


উঃ- বিক্রী প্ৰতিবেদনৰ (Sales Report) উপকাৰিতাসমূহ তলত আলোচনা কৰা হল- 
১)বিক্রী প্ৰতিবেদন বিক্রী পৰিচালকৰ সময়ৰ অপব্যয় নোহোৱাকৈয়ে কায-কলাপৰ পৰিকল্পনা আৰু নীতি প্ৰণয়ন কৰাত সহায় কৰে।


২)বিক্রী প্ৰতিবেদনৰ আধাৰত বিক্রেতাসকলৰ কমদক্ষতা নিৰূপণ কৰাত সহজ হয়।


৩)বিক্রী প্ৰতিবেদনৰ আধাৰত বিক্রী ব্যয় নিধাৰ্ৰণ কৰি তাক নিয়ন্ত্রণ কৰাত সহায় কৰে।


৪)বিক্রী প্ৰতিবেদনৰ পৰা বিজ্ঞাপনৰ সাফল্য আৰু ভৱিষ্যত প্ৰয়োজনীয়তা সম্পকে জানিব পাৰি।



Post a Comment

0 Comments