Assamese class 12 Assamese lesson-6 ciytie (চিঠি ) Textbook solution

 ১৯৯০ চনত ''অনুসন্ধান'' উপন্যাসৰ বাবে 'অসম প্রকাশন পৰিষদ' বটাঁ লাভ কৰে ।

১৯৯২ চনত '' দায়িত্ব আৰু অন্যান্য গল্প '' শীৰ্ষক গল্প সংকলনৰ বাবে 'ভাৰতীয় ভাষা পৰিষদ বটাঁ' লাভ কৰে ।
'counter'১৯৯৪ চনত ''মধুপুৰ বহুদূৰ'' গল্প সংকলনৰ বাবে 'সাহিত্য অকাডেমি বটাঁ' লাভ কৰে ।
২০০২ চনত '' সাহিত্য ক্ষেত্ৰলৈ আগবঢ়োৱা জীৱনযোৰা অৱদানৰ বাবে ''অসম উপত্যকা সাহিত্য বটাঁ'' লাভ কৰে।

১‍/ চিঠি গল্প শীলভদ্ৰৰ কোন খন সংকলনৰ পৰা লোবা হৈছে?

চিঠি গল্পটো শীলভদ্ৰৰ 'চিঠি আৰু অন্যান্য গল্প'  সংকলনৰ পৰা লোৱা হৈছে ।

২/ শীলভদ্ৰৰ কোন খন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ' লাভ কৰিছিল ?

শীলভদ্ৰৰ  ''মধুপুৰ বহুদূৰ'' গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বটাঁ' লাভ কৰিছিল ।

৩/ কাৰ চিঠিৰ বাবে ভূদেৱ চৌৗধুৰীয়ে অপেক্ষা কৰি আছিল ?

বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে ভূদেৱ চৌৗধুৰীয়ে অপেক্ষা কৰি আছিল ।

৪/ প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো  ভূদেৱ চৌৗধুৰীক কোনে দিছিল ?


প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো  ভূদেৱ চৌৗধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰাজনে দিছিল ।

৫/ ভূদেৱ চৌৗধুৰী টিংখাঙলৈ কিয় গৈছিল ?

ভূদেৱ চৌৗধুৰী টিংখাঙলৈ বাগানৰ চাকৰি কৰিবলৈ গৈছিল ।





১/ 'চিঠি' গল্পটোত ভূদেৱ চৌৗধুৰীয়ে কাৰ কাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ?


'চিঠি' গল্পটোত ভূদেৱ চৌৗধুৰীয়ে পৰিবাৰৰ চিঠি আৰু বন্ধু প্ৰশান্ত শৰ্মাৰ চিঠিৰ বাবে অপেক্ষা কৰাৰ কথা আছে ।

২/ শীলভদ্ৰই লাভ কৰা দুটা বটাঁ নাম লিখা ?

'অসম প্রকাশন পৰিষদ' বটাঁ( ১৯৯০)
 'ভাৰতীয় ভাষা পৰিষদ বটাঁ'(১৯৯৪)

৩/ ভূদেৱ চৌৗধুৰীয়ে প্ৰশান্ত শৰ্মালৈ কিয় চিঠি লিখিছিল ?

ভূদেৱ চৌৗধুৰী আৰু প্ৰশান্ত শৰ্মা ঘনিষ্ঠ বন্ধু আছিল। দুয়োজনৰ বয়স হেছে। অৱসৰ লোৱাৰ কেইবাবছৰো হ'ল। দুয়ো চহৰৰ দুটা ভিন্ন প্ৰান্তত থাকে। চহৰত অ সুবিধা নোহোৱাকৈ বাস কৰিবলৈ হ'লে আনুষঈিক যিবোৰ সা-সুবিধা লাগে তেঁওলোক দুজনৰ এজনৰো নাই। তেঁওলোকৰ গাডী নাই, ফোন নাই। যোগসূত্র ৰাখিবলৈ বিচাৰিলেও উপায় নাই। চিটি বাছত যিহে ভিৰ, উঠিবলৈ ভয় কৰে।চাকৰি বা কৰ্মজীৱনৰ পৰা অৱসৰ লোৱাৰ পাছত মানুহৰ কিছু অকলশৰীয়া অনুভৱ কৰে।তেনে সময়ত মনেমিলা বন্ধুৰ সান্নিধ্যই আনন্দ প্রদান কৰে।
বন্ধুৰ পৰা যদি আন্তৰিকতা আৰু আগ্ৰহপূৰ্ণ সঁহাৰি লাভ কৰা যায় তেন্তে সেই আনন্দ দুগুণে বৄদ্ধি কৰে।সেয়েহে বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি লিখাৰ প্ৰেৰণাৰে  ভূদেৱ চৌৗধুৰীয়ে নিজৰ পুৰনা বন্ধু প্ৰশান্ত শৰ্মালৈ চিঠি লিখিছিল।

৪/ কাৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পত্তি বুলি কোৱা হৈছে? তেঁওৰ চিঠি কিয় মূল্যৱান ?

চিঠি বাবে চিঠিৰ মূল্য।চিঠি এখনত যি লিখা থাকে তাতকৈ চিঠিখনৰ মূল্য বহুত বেছি।আপোনজনৰ পৰা পোৱা চিঠি এখনৰ আনন্দই বেলেগ।
বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰৰ মৃতুৰ পিছতো আজিও এতিয়াও বঙালী আলোচনীত তেওঁৰ চিঠিবোৰ ছপা হৈ আছে।প্রতি খন চিঠিৰ প্রতিটো বাক্য যে অতি গুৰুত্বপূৰ্ণ তেনেকুৱা নহয়।অতি সাধাৰণ হতানুগতিক উক্তি।
ৰবীন্দ্ৰনাথ ঠাকুৰৰ চিঠি পুৰুষানুক্ৰমে সঞ্চয় কৰি থ'বলগীয়া সম্পতি।

Post a Comment

0 Comments